■ পদ্ম বঁটাৰ বাবে মনোনয়নৰ দাখিল প্ৰক্ৰিয়া কাইলৈ সামৰণি পৰিব। যোৱা ১ মে’ত এই মনোনয়ন গ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছিল। সামাজিক মাধ্যমত এই বিষয়ে প্রকাশ কৰি প্রধানমন্ত্ৰীয়ে এই বঁটাৰ বাবে ভালে সংখ্যক মনোনয়ন লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে, বিগত দশকটোত চৰকাৰে অসংখ্য তৃণমূল পৰ্যায়ৰ নায়কক পদ্ম সন্মানেৰে সন্মানিত কৰি আহিছে। তেওঁ কয় যে এই সন্মান প্ৰাপকসকলৰ জীৱন যাত্ৰাই অগণন লোকক উদ্বুদ্ধ কৰাৰ লগতে এই লোকসকলৰ কাম কাজত দৃঢ়তা আৰু অধ্যাৱসায় স্পষ্টভাৱে প্ৰতিফলিত হয় বুলি তেওঁ উল্লেখ কৰে। এই বঁটা প্ৰদান প্ৰক্ৰিয়া অধিক স্বচ্ছ আৰু অংশীদাৰমূলক কৰি তোলাৰ বাবে চৰকাৰে জনসাধাৰণৰ পৰা এই বঁটাৰ বাবে মনোনয়ন বিচাৰিছে বুলি তেওঁ উল্লেখ কৰে।
Assamese | September 14, 2024 10:56 AM | Padma award
পদ্ম বঁটাৰ বাবে মনোনয়নৰ দাখিল প্ৰক্ৰিয়া কাইলৈ অন্তিম দিন