দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি থাকিব। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত প্রকাশ কৰা মতে পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ প’ৰ্টেলত অনলাইন ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী হিচাপে অভিহিত এই পদ্ম বঁটাসমূহ হ’ল – দেশৰ সৰ্বোচ্চ পৰ্যায়ৰ অসামৰিক সন্মান। ১৯৯৫ চনত প্ৰৱৰ্তন কৰা এই বঁটাসমূহ প্রতি বছৰে গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি ঘোষণা কৰা হয়। কলা, সাহিত্য আৰু শিক্ষা, ক্রীড়া, ভেষজ, সামাজিক কর্ম, বাণিজ্য আৰু উদ্যোগ তথা বিজ্ঞান আৰু অভিযান্ত্ৰিক ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট তথা ব্যতিক্রমী সেৱাৰ প্ৰতি স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই বঁটাসমূহ আগবঢ়োৱা হয়। উল্লেখযোগ্য যে চিকিৎসক আৰু বিজ্ঞানীসকলৰ বাহিৰে ৰাজহুৱা খণ্ডৰ অন্তৰ্গত প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলকে ধৰি চৰকাৰী চাকৰিয়ালসকল এই বঁটাৰ বাবে মনোনীত নহয়।
Assamese | July 24, 2024 7:51 PM | padma awarda nomination
দেশৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰপৰ্যন্ত মুকলি থাকিব