ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কালি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰে। শ্ৰীমতী মুর্মুৱে প্রখ্যাত শিল্পী ড° বৈজয়ন্তীমালা বালী আৰু টেলেগু চলচ্চিত্র অভিনেতা ক’নিদেলা চিৰঞ্জীৱিক পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰে। আনহাতে এছিয়াৰ প্ৰথমগৰাকী উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ এম ফাটিমা বিবিক মৰণোত্তৰভাৱে পদ্মভূষণ প্ৰদান কৰা হয়। বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ অশ্বিন বালাচান্দ মেহতা, প্রবীন ৰাজনৈতিক নেতা অ’ ৰাজাগোপালক এই সন্মান প্ৰদান কৰা হয়। একেদৰে, আধ্যাত্মিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা দৃষ্টান্তমূলক বৰঙণিৰ বাবে টোগদান ঋণপচেক মৰণোত্তৰভাৱে পদ্মভূষণ প্ৰদান কৰা হয়। ইপিনে, হাতী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসমৰ হস্তী বিশেষজ্ঞ পার্বতী বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়।
Assamese | May 10, 2024 12:12 PM | Padma award
দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটা প্ৰদান ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ