পদ্ম বঁটাৰ বাবে মনোনয়নৰ দাখিল প্ৰক্ৰিয়া কাইলৈ সামৰণি পৰিব। যোৱা ১ মে‘ত এই মনোনয়ন গ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছিল। সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে এই বঁটাৰ বাবে ভালে সংখ্যক মনোনয়ন লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে, বিগত দশকটোত চৰকাৰে অসংখ্য তৃণমূল পৰ্যায়ৰ নায়কক পদ্ম সন্মানেৰে সন্মানিত কৰি আহিছে। তেওঁ কয় যে এই সন্মান প্ৰাপকসকলৰ জীৱন যাত্রাই অগণন লোকক উদ্বুদ্ধ কৰাৰ লগতে এই লোকসকলৰ কামকাজত দৃঢ়তা আৰু অধ্যৱসায় স্পষ্টভাৱে প্রতিফলিত হয়।
Assamese | September 14, 2024 6:59 PM | Padma award
পদ্ম বঁটাৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া কাইলৈ সামৰণি