২০২৫ বৰ্ষৰ পদ্ম সন্মানৰ বাবে অনলাইনযোগে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। পদ্ম সন্মানৰ বাবে নাম মনোনয়ন কৰাৰ অন্তিম দিন অহা ১৫ ছেপ্টেম্বৰ ধাৰ্য্য কৰা হৈছে। ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল awards.gov.in যোগে পদ্ম সন্মানৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াব পৰা যাব। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্রী এই তিনিটা শিতানত প্ৰদান কৰা হয়। কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্রিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্রীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয়।
Assamese | May 2, 2024 6:19 PM | Padma award
২০২৫ বৰ্ষৰ পদ্ম সন্মানৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ, ১৫ ছেপ্টেম্বৰ অন্তিম দিন