June 24, 2025 8:13 PM | ONGC

printer

অ’ এন জি চিক পৰিবেশ আইন ভংগ কৰাৰ বাবে কাৰণ দশোৱাৰ জাননী জাৰি

প্ৰদূষণ নিয়ন্ত্রণ বোর্ডে তেল আৰু প্ৰাকৃতিক গেছ লিমিটেড চমুকৈ অ‘ এন জি চিক পৰিবেশ আইন ভংগ কৰাৰ বাবে কাৰণ দশোৱাৰ জাননী জাৰি কৰিছে। অ‘ এন জি চিৰ খননক্ষেত্ৰত প্ৰয়োজনীয় অনুমতি নোলোৱাকৈ খনন কাৰ্য আৰম্ভ কৰাৰ বাবে হোৱা অনিয়ন্ত্রিত গেছ নির্গমন অভিযোগত বোর্ডে এই জাননী জাৰি কৰিছে। পৰিবেশ নিয়ন্ত্রণ বোর্ডে জাৰি কৰা এটা নির্দেশত উল্লেখ থকা মতে, অ‘ এন জি চিয়ে পানী সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্রণ আইন ১৯৭৪ বায়ু সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্রণ আইন ১৯৮১ আৰু বিপদজনক তথা আন বিষাক্ত পেলনীয়া সামগ্রী নিষ্কাষণ নীতি ২০১৬ ক ভংগ কৰাৰ অভিযোগত ১৫ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।