June 23, 2025 11:52 AM | ONGC

printer

আন্তঃৰাষ্ট্ৰীয় কুপ নিয়ন্ত্রণ বিশেষজ্ঞৰ সহযোগত চলি থকা অভিযানত অ’ এন জি চিৰ উল্লেখনীয় অগ্রগতি লাভ

তেল আৰু প্ৰাকৃতিক গেছ নিগম অ‘ এন জি চিয়ে আন্তঃৰাষ্ট্ৰীয় কুপ নিয়ন্ত্রণ বিশেষজ্ঞৰ সহযোগত চলি থকা অভিযানত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। শিৱসাগৰৰ ভটিয়াপাৰত থকা অ‘ এন জি চিৰ ৰীগৰ পৰা যোৱা ১২ দিনে হৈ থকা গেছ নির্গমন নিয়ন্ত্ৰণৰ বাবে সকলো নিয়ম মানি চেষ্টা চলাই থকা হৈছে বুলি প্ৰতিষ্ঠানটোৰ প্ৰৱন্ধকে জানিবলৈ দিছে। অ‘ এন জি চিৰ সংকট ব্যৱস্থাপনাৰ দল আৰু বিশেষজ্ঞৰ দলটোৱে প্ৰায় ১০ ট্ৰেইলাৰ ভৰ্তি ৰীগৰ সামগ্ৰী ইতিমধ্যে সফলতাৰে স্থানান্তৰিত কৰিছে। ঘটনাস্থলীৰ পৰা ৰীগৰ অধিকাংশ সামগ্ৰী আঁতৰাই কুপটো কেপিং কৰাৰ বাবে চলাবলগীয়া অভিযানৰ বাবে ইতিমধ্যে সাজু কৰা হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় গধুৰ সঁজুলিসমূহ বর্তমান সেই স্থানলৈ নি থকা হৈছে। এই স্থানৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বায়ুৰ গুণাগুণ অতিভাৱে নিৰীক্ষণ কৰি থকা হৈছে আৰু কুপটোৰ পৰা ৩০ মিটাৰৰ বাহিৰত হাইড্রোকার্বনৰ উপস্থিতি ধৰা নপৰাটো উৎসাহজনক হিচাপে বিবেচিত হৈছে। এই মূল্যায়নৰ আধাৰত ঘটনাস্থলীৰ পৰা ৫০০ মিটাৰ ব্যাসাৰ্ধৰ বাহিৰত বাস কৰা লোকসকলক ঘৰলৈ উভতি আহি ৰন্ধা-বঢ়া আৰু বিদ্যুতৰ ব্যৱহাৰকে ধৰি স্বাভাৱিক কাম- কাজ পুনৰ আৰম্ভ কৰাটো নিৰাপদ বুলি পৰামৰ্শ দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।