ৰাজ্যৰ বিশিষ্ট ভাস্কর্য শিল্পী-কলা নিৰ্দেশক নুৰুদ্দিন আহমেদসহ ৬৫গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম সন্মান প্ৰদান

ৰাজ্যৰ বিশিষ্ট ভাস্কর্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদক আজি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। বিশিষ্ট শিল্পীগৰাকীয়ে ভাস্কৰ্য আৰু মঞ্চসজ্জাত বৈজ্ঞানিক আৰু কলাত্মক কৌশলৰ একত্ৰে প্ৰদৰ্শনৰ বাবে বিশেষভাৱে সমাদৃত। পাঁচ হাজাৰ ৬০০খনৰো অধিক নাট্যমঞ্চ আৰু ৭৫খন চলচ্চিত্ৰত বিশিষ্ট ভাস্কৰজনে কলা-নির্দেশনা কৰিছে।

আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম সন্মান প্রদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে শিল্পীগৰাকীক পদ্মশ্ৰী সন্মান প্ৰদান কৰে।

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহ মন্ত্ৰী অমিত শ্বাহ, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে এই অনুষ্ঠানত দুটা পদ্ম বিভূষণ, ৭টা পদ্মভূষণ আৰু ৫৬টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ ৬৫টা পদ্ম বঁটা প্ৰদান কৰে। পদ্ম সন্মানৰ বাবে বাছনি কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত নুৰুদ্দিন আহমেদৰ উপৰি অসমৰ সংগীত শিল্পী পখিলা লেক্‌থেপি, মোহিনী আটম শিল্পী বিমলা মেনন, টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুট্টি, কণ্ঠশিল্পী অলকা য়াগনিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম।

গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা চৰকাৰে ২০২৬ বৰ্ষৰ বাবে ৫টা পদ্ম বিভূষণকে ধৰি মুঠ ১৩১টা পদ্ম সন্মানৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল।

উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, সাহিত্য আৰু শিক্ষা, ক্রীড়া তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতিবছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে এই পদ্ম সন্মানসমূহ প্রদান কৰা হয়।