সমাগত পাঁচ বছৰৰ ভিতৰত ভাৰত বিশ্বৰ শীৰ্ষস্থানৰ অটোমোবাইল উদ্যোগ হিচাপে পৰিগণিত হ’ব। নতুন দিল্লীত কালি KPMG প্রতিবেদন মুকলি কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে বৰ্তমান দেশৰ অটোম’বাইল খণ্ডত বছৰি ১৪ শতাংশকৈ বিকাশ হৈছে। দেশৰ ৰেলপথ আৰু সুৰংগ প্ৰকল্পই সংযোগ বৃদ্ধি কৰি ভ্ৰমণৰ সময় হ্ৰাস কৰিছে। সেউজ গতিশীলতাৰ ভৱিষ্যতৰ বিষয়ে উল্লেখ কৰি বৈদ্যুতিক বাহন আৰু বেটাৰী নিৰ্মাণৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে বহনক্ষম পৰিবহণৰ ক্ষেত্ৰত বিশ্বব্যাপী পৰিৱৰ্তনৰ নেতৃত্ব দিবলৈ দেশ বৰ্তমান সক্ষম।
Assamese | August 20, 2025 1:20 PM | Nitin Gadkari
সমাগত ৫ বছৰৰ ভিতৰত ভাৰত বিশ্বৰ শীৰ্ষস্থানৰ অটোমোবাইল উদ্যোগ হিচাপে পৰিগণিত হ’বঃ নীতিন গাডকাৰী