যোৰহাট-মাজুলী সংযোগী দলংখন ২০২৮ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি কালি ৰাজ্যসভাত কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে প্রকাশ কৰে। তেওঁ কয়, যে যোৱা ৬ অক্টোবৰত দলংখনৰ নির্মাণৰ দায়িত্ব নতুন নির্মাণকাৰী সংস্থাক অর্পণ কৰা হৈছে। ৰাজ্যসভাৰ প্রশ্নোত্তৰ কালত অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত শ্রী গাডকাৰীয়ে কয়, যে ২০২১ চনৰ ৯ জুলাইত আৰম্ভ হোৱা দলংখনৰ নিৰ্মাণকাৰ্য চলিত বছৰৰ ৮ জুলাইত সম্পূৰ্ণ হোৱাৰ কথা আছিল, কিন্তু নির্মাণকার্য প্রায় ৩০ শতাংশ সম্পন্ন হোৱাৰ পাছত পূৰ্বৰ ঠিকাদাৰে কাম বন্ধ কৰি দিয়াৰ বাবে তেওঁলোকক জৰিমণা দিয়া হয়। ইয়াৰ পাছতে যোৱা ২৯ মাৰ্চত দলঙৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰাৰ বাবে এহেজাৰ ১৯ কোটি ১৭ লাখ টকা অনুমোদন জনোৱা হয়।
Assamese | December 4, 2025 12:51 PM | Nitin Gadkari
২০২৮ চনৰ ভিতৰত যোৰহাট-মাজুলী সংযোগী দলংখন সম্পূৰ্ণ হ’ব বুলি নীতিন গাডকাৰীৰ প্ৰকাশ