নীতি আয়োগৰ সদস্য অৰবিন্দ বিৰমানীয়ে আজি নতুন দিল্লীত নীতি আয়োগৰ ট্ৰেড ৱাচ ত্রৈমাসিক প্রতিবেদন মুকলি কৰে। ২০২৫ বিত্তীয় বৰ্ষৰ জুলাইৰ পৰা ছেপ্টেম্বৰলৈ দ্বিতীয় ত্রৈমাসিকৰ বাবে এই ত্রৈমাসিক প্রতিবেদন প্রকাশ কৰা হৈছে। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ২০২৩ বৰ্ষৰ একে সময়ৰ তুলনাত এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ ভাৰতৰ মুঠ বাণিজ্য ৫ দশমিক ৬-৭ শতাংশ বৃদ্ধি পোৱাৰ লগতে ৰপ্তানি ৫ দশমিক ২-৩ শতাংশ বৃদ্ধি পাইছে আৰু আমদানি বছৰি ৬ দশমিক ০-৭ শতাংশ বৃদ্ধি পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে যোৱা ছয় মাহত প্রতি মাহে গড়ে ৩৫ দশমিক ৪ বিলিয়ন ডলাৰৰে দেশৰ সামগ্ৰী ৰপ্তানি সুস্থিৰ হৈ আছে · আনহাতে আগষ্টৰ বৃদ্ধিৰ বাহিৰে দেশৰ আমদানিৰ গড় ৫৭ দশমিক ৮ বিলিয়ন ডলাৰ। প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে বিশ্বৰ বস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত ষষ্ঠ স্থানত আছে। এই ট্রেড ৱাচ প্ৰতিবেদনত বিশ্বৰ চাহিদা-যোগানৰ দৃষ্টিভংগী, থণ্ডভিত্তিক প্ৰদৰ্শন আৰু উদীয়মান বাণিজ্যৰ সুযোগৰ অন্তৰ্দৃষ্টিক একত্ৰিত কৰি ভাৰতৰ বাণিজ্যিক স্থিতিৰ এক সামগ্রিক দৃশ্যপট দেখুওৱা হৈছে।
Assamese | March 28, 2025 8:01 PM | NITI Aayog
নীতি আয়োগৰ ট্ৰেড ৱাচ ত্রৈমাসিক প্রতিবেদন মুকলি অৰবিন্দ বিৰমানীৰ