কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে আমেৰিকা-ভাৰত কৌশলগত সহযোগিতা মঞ্চই ভাৰতৰ ঔদ্যোগিক বিকাশ আৰু বিনিয়োগ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি মন্তব্য কৰিছে। শ্ৰীমতী সীতাৰমণে আজি নতুন দিল্লীত অধ্যক্ষ জন টি চেম্বাৰ নেতৃত্বাধীন আমেৰিকা-ভাৰত কৌশলগত সহযোগিতা মঞ্চৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি এইদৰে প্ৰকাশ কৰে। বৈঠকত বিত্ত মন্ত্ৰীগৰাকীয়ে ভাৰতৰ দ্ৰুত অর্থনৈতিক বিকাশ, যুৱ প্ৰজন্মৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু বীমা, গৃহ নিৰ্মাণ তথা নৱীকৰণযোগ্য শক্তি খণ্ডৰ বৰ্ধিত বিনিয়োগ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে ভাৰতবৰ্ষক ব্যৱসায়ৰ আকৰ্ষণীয় স্থানৰূপে গঢ়ি তোলাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে আলোকপাত কৰে।
Assamese | October 15, 2024 8:30 PM | Nirmola sitarmon
আমেৰিকা-ভাৰত কৌশলগত সহযোগিতা মঞ্চৰ সদস্যসকলৰ সৈতে নির্মলা সীতাৰমণৰ মত বিনিময়