ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIAএ মানৱ সৰবৰাহ আৰু চাইবাৰ জালিয়াতিৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ সৈতে সম্পর্ক থকা এটা গোচৰত কালি দুগৰাকী বিদেশী নাগৰিকসহ মুঠ পাঁচজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। এন আই এৰ মুম্বাইস্থিত বিশেষ আদালতত দাখিল কৰা অভিযোগনামাত এই গোচৰত কেইবাজনো বিদেশী নাগৰিক জড়িত থকাৰ কথা উল্লেখ কৰা হৈছে। সংস্থাটোৰ অনুসন্ধান অনুসৰি কম্পিউটাৰ আৰু ইংৰাজী ভাষাত দখল থকা ভাৰতীয় যুৱক-যুৱতীসকলক এই চক্ৰটোৱে লক্ষ্য কৰি লৈছিল আৰু আর্থিক প্রলোভন দি প্ৰৱঞ্চনামূলক কল চেণ্টাৰত কাম কৰিবলৈ বাধ্য কৰাইছিল । যুৱক-যুৱতীসকলক প্রথমে ফেচবুক, টেলিগ্রাম, ক্রিপ্টোকাৰেন্সী আৰু প্ৰৱঞ্চক চক্ৰটোৱে নিৰ্মাণ কৰা কিছুমান এপ পৰিচালনাৰ প্ৰশিক্ষণ দিয়া হয়। সংস্থাটোৰ মতে, অভিযোগনামা দাখিল কৰা অভিযুক্তসকলৰ ভিতৰত দুজন গ্ৰেপ্তাৰ হোৱাৰ বিপৰীতে আন তিনিজন এতিয়াও পলাতক অৱস্থাত আছে।
Assamese | June 22, 2024 1:29 PM | NIA
মানৱ সৰবৰাহ আৰু চাইবাৰ জালিয়াতিত জড়িত ৫ জন অভিযুক্তৰ বিৰুদ্ধে NIAৰ অভিযোগনামা দাখিল