ভাৰতে আজি নতুন দিল্লীত গোলকীয় মহাকাশ অন্বেষণ সন্মিলন- গ্লেক্স ২০২৫ৰ দ্বাদশ সংস্কৰণ আয়োজন কৰিছে। মহাকাশ আৰু পাৰমাণৱিক শক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে “ৰিচিং নিউ ৱৰ্ল্ডছ: এ স্পেচ এক্সপ্পোৰেচন ৰেনেছা” শীর্ষক তিনিদিনীয়া গোলকীয় সন্মিলনখন উদ্বোধন কৰিব। আন্তর্জাতিক মহাকাশচাৰী ফেডাৰেচন -আইএএফ, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা -ইছৰোৰ উদ্যোগত আৰু ভাৰতীয় মহাকাশচাৰী সমিতি-এএছআইৰ সহযোগত আয়োজিত এই সন্মিলনে গোলকীয় মহাকাশ খণ্ডত ভাৰতৰ বৰ্ধিত নেতৃত্বক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। ২০১০চনৰ পৰা আৰম্ভ হোৱা এই সন্মিলন আলোচনা, সহযোগিতা আৰু উদ্ভাৱনৰ বাবে এখন প্রধান মঞ্চ হিচাপে পৰিগণিত হৈছে। সন্মিলনত এইবাৰ ৩৬ খন দেশৰ ২৩৩ জন আন্তর্জাতিক প্রতিনিধিকে ধৰি ১৮০০ ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।
Assamese | May 7, 2025 1:36 PM | New Delhi
নতুন দিল্লীত গোলকীয় মহাকাশ অন্বেষণ সন্মিলন- গ্লেক্স ২০২৫ৰ দ্বাদশ সংস্কৰণ আয়োজন