দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লাত আজি ভাৰত পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান অহা ৩১ জানুৱাৰী পৰ্যন্ত জনসাধাৰণৰ বাবে মুকলি থাকিব। এই অনুষ্ঠানত ভাগ লোৱা দৰ্শক-শ্রোতাসকলে গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰা সশস্ত্র বাহিনীৰ বেণ্ড, ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাংস্কৃতিক দলসমূহৰ প্ৰদৰ্শন, ভিন ভিন প্রতীকপট আদিকে ধৰি বিভিন্ন অনুষ্ঠানৰ অংশ বিশেষ দেখিবলৈ পাব। দেশৰ ভিন ভিন অংশৰ সাংস্কৃতিক ঐতিহ্যৰ মাজৰ গভীৰ সম্পৰ্কক প্ৰতিফলিত কৰা এই বেলিৰ ভাৰত পৰ্ব অনুষ্ঠানৰ মূল বাণী হ’ব দেখো অপনা দেশ ।
Assamese | January 27, 2025 8:22 PM | New Delhi
নতুন দিল্লীৰ লালকিল্লাত আজি ভাৰত পৰ্ব অনুষ্ঠানৰ আয়োজন