বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে কালি নতুন দিল্লীত নেপালৰ বাণিজ্য আৰু উদ্যোগ মন্ত্রী অনিল কুমাৰ সিনহাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকত ভাৰত আৰু নেপালৰ মাজৰ পৰিবহণ চুক্তিৰ নীতি-নিময়ৰ সংশোধন কৰি বিনিময়-পত্র আদান প্রদান কৰা হয়। ইয়াৰ ফলত জোগ-বণি বিৰাট নগৰ ৰে‘ল লিংকৰ মাধ্যমেৰে দুয়োখন দেশৰ মাজত পোনপটীয়া ৰে‘ল সম্পর্ক গঢ়ি উঠিব বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। এই উদ্যমৰ জৰিয়তে কলকাতা আৰু বিশাখাপট্টনম বন্দৰৰ পৰা নেপাললৈ পৰিবহণ সুগম হৈ উঠিব। ভাৰত আৰু নেপালৰ প্ৰধানমন্ত্ৰীদ্বয়ে ২০২৩ চনৰ পহিলা জুনত ভাৰতৰ আৰ্থিক সাহায্যৰে নির্মিত কৰি উলিওৱা এই ৰে‘ল লিংক প্রকল্প উদ্বোধন কৰিছিল। এই ব্যৱস্থাসমূহে দুয়ো দেশৰ মাজত অর্থনৈতিক আৰু বাণিজ্য সম্পর্ক অধিক সুদৃঢ় কৰি তুলিব বুলি আশা কৰা হৈছে। বৈঠকত সংহত পহৰা চকী আৰু অন্য আন্তঃগাঁথনিৰ বিকাশকে ধৰি সীমান্তৰে যোগাযোগ আৰু ব্যৱসায়িক সুবিধা বৃদ্ধিৰ বিষয়লৈও আলোচনা কৰা হয়।
Assamese | November 14, 2025 12:19 PM | Nepal
নেপালৰ বাণিজ্য আৰু উদ্যোগ মন্ত্রী অনিল কুমাৰ সিনহাৰ সৈতে পীযূষ গোৱেলৰ দ্বিপাক্ষিক বৈঠক