NEPৰ অধীনত স্নাতক পাঠ্যক্রম ৪ বছৰীয়া হোৱাৰ পাছত শিক্ষার্থীসকল কোনো অসুবিধাৰ সন্মুখীন নহয় বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত পৰৱৰ্তী সময়ত স্নাতক পাঠ্যক্রম ৪ বছৰীয়া হোৱাৰ পাছত শিক্ষার্থীসকল কোনো অসুবিধাৰ সন্মুখীন নহয় বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। কালি মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ এটা দলে এই বিষয়টো সন্দর্ভত আলোচনা কৰে।

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ৪ বছৰীয়া পাঠ্যক্ৰমক লৈ অহেতুক চিন্তাৰ প্ৰয়োজন নাই আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি সুস্থ পৰিকল্পনা মতে আৰু শিক্ষার্থীৰ সুবিধা হোৱাকৈ এই পাঠ্যক্ৰম ৰূপায়ণ কৰা হব।

এই অনুসৰি ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰম কৰা সকলে পোনপটীয়াকৈ গৱেষণাত জড়িত হ’ব পাৰিব নাইবা স্নাতকোত্তৰ পাঠ্যক্ৰম গ্রহণ কৰিব পাৰিব। কোনো শিক্ষার্থী ইচ্ছুক নহলে চতুর্থ বর্ষ সম্পূর্ণ নকৰাকৈও ডিগ্রী লাভ কৰিব পাৰিব বুলি তেওঁ কয়।