June 16, 2026 1:45 PM | neet meeting

printer

স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰ হ’বলগীয়া নীট পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনৰ বৈঠক

কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে পুনৰবাৰ হ’বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়৷

বৈঠকত গৃহ সচিবগৰাকীয়ে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু প্ৰতিটো কেন্দ্ৰীয় সংস্থাক পৰীক্ষা সম্পৰ্কীয় নিৰাপত্তাৰ বিধি মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত ৰেলৱে বৰ্ডৰ অধ্যক্ষই

পৰীক্ষাৰ্থীসকলৰ সুগম যাত্ৰা নিশ্চিত কৰাত সহযোগিতা আগবঢ়োৱা হ’ব বুলি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আশ্বাস দিয়ে।

বৈঠকত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব, উচ্চ শিক্ষা বিভাগৰ সচিব আৰু ডাক বিভাগ, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয় আদি বিভিন্ন বিভাগ তথা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।