অহা ২১ জুনত ৰাজ্যত হ’বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা – নীট নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে।
পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া জিলাসমূহৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যখনৰ ১৭ খন জিলাৰ ৮৭ টা কেন্দ্ৰত হ’বলগীয়া এই পৰীক্ষাত ৪৩ হাজাৰ ৩১৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। মুখ্যমন্ত্ৰীয়ে কালি পর্যালোচনা বৈঠকত এই পৰীক্ষা মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক যৌথভাৱে সকলো কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ বুজ ল’বলৈ নিৰ্দেশ দিয়ে।
তদুপৰি পৰীক্ষাৰ আগদিনাই সকলো কেন্দ্রতে চি চি টি ভি ব্যৱস্থা, বায়’মেট্ৰিক সৰঞ্জাম, ম’বাইলৰ সংকেতত বাধা প্ৰদান কৰাৰ বাবে বাধ্যতামূলক কাৰিকৰী নিৰীক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা ১০০ মিটাৰ দূৰত্বলৈকে উপযুক্ত আইনী নিষেধাজ্ঞা জাৰি কৰিবলৈও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে।
তেওঁ লগতে চি চি টিভিৰ ফুটেজ নিৰীক্ষণৰ বাবে সকলো জিলাত একোগৰাকীকৈ ন’ডেল বিষয়া নিযুক্তি দি সকলো ফুটেজ আকস্মিকভাৱে পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুই তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ’ব লাগিব।
তদুপৰি বৈধ প্ৰৱেশ-পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাহনসমূহত পৰীক্ষাৰ দিনটোত যাতায়াত বিনামূলীয়া হ’ব। পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ’ব। পৰীক্ষা কেন্দ্ৰসমূহ ২৪ ঘণ্টাই আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্নকাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ’ব।
কাছাৰ জিলাতো নীট সুকলমে পৰিচালনাৰ বাবে জিলা প্ৰশাসনে সকলো পৰীক্ষা কেন্দ্ৰৰ চৌপাশে বি এন এছ এছৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ ৭ টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ’ব। জিলা আয়ুক্ত আয়ুস গাৰ্গে পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ সকলো নির্দেশনা মানি চলিবলৈ জনসাধাৰণক আহ্বান জনাইছে।