June 18, 2026 1:38 PM

views 19

অহা ২১ জুনত ৰাজ্যত হ’বলগীয়া NEET নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতিৰ পৰ্যালোচনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অহা ২১ জুনত ৰাজ্যত হ’বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষা – নীট নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা প্ৰস্তুতি কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰ্যালোচনা কৰে।  পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া জিলাসমূহৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্য বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যখনৰ ১৭ খন জিলাৰ ৮৭ টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত ৪৩ হাজাৰ ৩১৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে কালি পর্যালোচনা বৈঠকত এই পৰীক্ষা মুক্ত আৰু নিকাভাৱে অনুষ...