উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে সাঁতোৰ, ৰাগবি, চাইক্লিং, ভাৰোত্তোলন, শ্বুটিং আদি বিভিন্ন খেলত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সমৰ্থ হৈছে। ভাৰোত্তোলনৰ মহিলাৰ ৫৫ কিলোগ্রাম শাখাত মণিপুৰৰ বিন্দিয়াৰাণী দেৱীয়ে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। বিন্দিয়াৰাণীয়ে মীৰাবাঈ ছানুৰ পূৰ্বৰ ৮৬ কিলোগ্ৰামৰ অভিলেখ ভংগ কৰি ৮৮ কিলোগ্রাম ভাৰোত্তোলন কৰে। মহিলাৰ সাঁতোৰৰ ৮০০ মিটাৰ ফ্ৰি ষ্টাইল শাখাত দিল্লীৰ ভাব্যা সচদেৱাই সোণৰ পদক লাভ কৰে। অসমৰ শুৱনশিনি প্রীয়দর্শীনিয়ে এই শাখাত ৰূপৰ পদক লাভ কৰে ।
Assamese | February 1, 2025 12:16 PM | national games manipur
ৰাষ্ট্ৰীয় ক্রীড়াত মণিপুৰৰ ভাৰোত্তোলক বিন্দিয়াৰাণী দেৱীৰ ৰাষ্ট্ৰীয় অভিলেখ