সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ে আজি দেশজুৰি নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে সমূহীয়া সংকল্প গ্রহণ কাৰ্য্যসূচীৰ আয়োজন কৰে। এই উপলক্ষে নতুন দিল্লীত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে উপস্থিত সকলোকে সংকল্প গ্রহণ কৰায়। উল্লেখযোগ্য যে, অভিযানৰ এই বৰ্ষৰ বিষয়বস্তু হৈছে বিকশিত ভাৰতৰ মন্ত্ৰ, ভাৰত হওক নিচাৰ পৰা মুক্ত। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়ালৈকে ১১ কোটিৰো অধিক ব্যক্তিয়ে নিচামুক্ত ভাৰত অভিযানত অংশগ্ৰহণ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰ, কেন্দ্ৰীয় মন্ত্র্যালয়সমূহ, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু শিক্ষক-কৰ্মচাৰী, এন চি চি, নেহৰু যুৱ কেন্দ্ৰ সংগঠন আৰু অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানৰ প্ৰায় ১ কোটিৰো অধিক লোকে আজি সমূহীয়া সংকল্প গ্রহণৰ এই অনলাইন অনুষ্ঠানত অংশগ্ৰহণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । উল্লেখযোগ্য যে, সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ে ২০২০ চনৰ ১৫ আগষ্টত নিচামুক্ত ভাৰত অভিযান মুকলি কৰিছিল আৰু যোৱা বছৰ আগষ্ট মাহৰে পৰা দেশৰ সকলো জিলাতে এই অভিযান ৰূপায়িত হৈ আহিছে।
Assamese | August 12, 2024 8:00 PM | Nasha mukta b bhart
দেশজুৰি নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে সমূহীয়া সংকল্প গ্রহণ কাৰ্য্যসূচীৰ আয়োজন