নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত বটদ্ৰৱা থানত সমাগত শ্ৰীশ্ৰীকৃষ্ণ দৌলযাত্রা মহোৎসৱ আয়োজনৰ প্ৰস্তুতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। অহা ১৩ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱা থানত দৌলযাত্রা মহোৎসৱ অনুষ্ঠিত হ’ব। আজিৰ এই বৈঠকত সমাগত দৌল মহোৎসৱত আইন শৃংখলাকে প্ৰমুখ্যে কৰি বিভিন্ন বিভাগক প্রয়োজনীয় সহায় সহযোগিতা আগবঢ়াবলৈ জিলা প্রশাসন সাজু আছে বুলি জিলা আয়ুক্তই প্ৰকাশ কৰে।
Assamese | March 8, 2025 7:00 PM | Nagoan
অহা ১৩ পৰা ১৭ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱা থানত দৌলযাত্রা মহোৎসৱ