নগাঁও জিলাৰ কলিয়াবৰ-চামগুৰি জলসিঞ্চন সংমণ্ডলৰ অধীনত দীৰ্ঘদিন ধৰি বিকল হৈ থকা তিনিটা জলসিঞ্চন প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জলসিঞ্চন বিভাগে কলিয়াবৰৰ বৰভগীয়াৰ সৌৰশক্তিচালিত জলসিঞ্চন প্ৰকল্পৰ লগতে কুঠৰীৰ গোহাঁই গাঁৱত থকা দ্বাৰবাগৰী গভীৰ নলী- নাদৰ দুটাকৈ সংযোগ ব্যৱস্থা পুনৰ কাৰ্যক্ষম কৰি তোলে। পূর্বে ডিজেলচালিত এই গভীৰ নলী—নাদৰ ব্যৱস্থাত নতুনকৈ বিদ্যুৎচালিত কৰি কাৰ্যক্ষম কৰি তোলা হৈছে। ইয়াৰ জৰিয়তে জিলাখনৰ প্ৰায় ১০ হেক্টৰ কৃষিভূমিত পানীযোগান ব্যৱস্থা কাৰ্যকৰী হৈ উঠিছে।
Assamese | December 17, 2024 7:04 PM | Nagoan
নগাঁও জিলাৰ কলিয়াবৰ-চামগুৰিৰ তিনিটা জলসিঞ্চন প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ