আজি জলসম্পদ বিভাগৰ নগাঁও সংমণ্ডলত ৰহা আৰু বঢ়মপুৰ বিধানসভা সমষ্টিত নির্মীয়মাণ মথাউৰিসমূহৰ কামকাজৰ অগ্ৰগতিৰ বুজ লয়। হোজাই জিলাক বানমুক্ত কৰাৰ পদক্ষেপ হিচাপে কপিলী নৈৰ সোঁপাৰে খাৰিখানাৰ পৰা যোগীজানলৈ নিৰ্মাণ কৰি থকা নতুন মথাউৰি নিৰ্মাণ কাৰ্যৰ আজি মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে। প্ৰায় ৮৫ শতাংশ কাম সম্পূৰ্ণ হোৱা মথাউৰিটো নিৰ্মাণ সুকলমে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। শ্রী হাজৰিকাই যমুনামুখৰ চিকামাৰি আৰু কমাৰগাঁৱত কপিলী নৈৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰি বাৰিষাৰ আগতে দুয়ো ঠাইতে মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে। বিভাগীয় বিষয়াসকলক এই বিষয়ে নির্দেশ দি মন্ত্রী শ্রী হাজৰিকাই বঢ়মপুৰ সমষ্টিৰ অন্তৰ্ভুক্ত যমুনামুখত ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে ঠেপলাগুৰিত নির্মীয়মাণ মথাউৰিৰ কামৰ অগ্ৰগতিৰো বুজ লয়।
Assamese | May 15, 2025 8:35 PM | nagaon raha barhampur pijush hazarika
নগাঁৱৰ ৰহা-বঢ়মপুৰ সমষ্টিত নির্মীয়মাণ মথাউৰিসমূহৰ কামকাজৰ অগ্ৰগতিৰ বুজ লয় জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই