May 15, 2025 8:35 PM

views 41

নগাঁৱৰ ৰহা-বঢ়মপুৰ সমষ্টিত নির্মীয়মাণ মথাউৰিসমূহৰ কামকাজৰ অগ্ৰগতিৰ বুজ লয় জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই

আজি জলসম্পদ বিভাগৰ নগাঁও সংমণ্ডলত ৰহা আৰু বঢ়মপুৰ বিধানসভা সমষ্টিত নির্মীয়মাণ মথাউৰিসমূহৰ কামকাজৰ অগ্ৰগতিৰ বুজ লয়। হোজাই জিলাক বানমুক্ত কৰাৰ পদক্ষেপ হিচাপে কপিলী নৈৰ সোঁপাৰে খাৰিখানাৰ পৰা যোগীজানলৈ নিৰ্মাণ কৰি থকা নতুন মথাউৰি নিৰ্মাণ কাৰ্যৰ আজি মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে। প্ৰায় ৮৫ শতাংশ কাম সম্পূৰ্ণ হোৱা মথাউৰিটো নিৰ্মাণ সুকলমে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। শ্রী হাজৰিকাই যমুনামুখৰ চিকামাৰি আৰু কমাৰগাঁৱত কপিলী নৈৰ ভগ্ন মথাউৰি পৰিদ...