নগাঁও জিলা প্ৰশাসনে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা দখলীকৃত মাটিত কাইলৈ উচ্ছেদ অভিযান আৰম্ভ কৰিব। কাইলৈ পুৱা ৭ বজাৰ পৰা বনাঞ্চলখনত উচ্ছেদ অভিযান চলোৱা হ’ব বুলি জিলা প্ৰশাসনে সদৰি কৰিছে। ইতিমধ্যে উচ্ছেদ অভিযানৰ বাবে অস্থায়ী আৰক্ষী শিৱিৰ স্থাপন কৰা হৈছে । বন বিভাগৰ সূত্ৰই জনোৱা অনুযায়ী বনাঞ্চলখনৰ ৫ হাজাৰ ৯৬২ বিঘা মাটিত এহেজাৰ ৭০০টা পৰিয়ালে অবৈধভাৱে বাস কৰি আছে। অঞ্চলটোত উচ্ছেদৰ বাবে ইতিপূর্বে প্রশাসনে নির্দিষ্ট সময় বান্ধি দিছিল যদিও শস্য চপোৱাৰ বাবে অতিৰিক্ত সময় নির্ধাৰণ কৰি দিয়া হয়। অভিযানৰ প্ৰাকমুহুৰ্তত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উচ্ছেদ অভিযান চলাবলগীয়া ঠাইত উপস্থিত হৈ দখলকাৰীসকলক নিজৰ ভূমিলৈ ঘুৰি যাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে দখলকাৰীসকলৰ একাংশই ইতিমধ্যেই দখলীকৃত ভূমিৰ পৰা আঁতৰি গৈছে।
Assamese | November 28, 2025 8:47 PM | nagaon kampur eviction
কামপুৰৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা দখলীকৃত মাটিত কাইলৈ উচ্ছেদ অভিযান