November 28, 2025 8:47 PM

views 30

কামপুৰৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা দখলীকৃত মাটিত কাইলৈ উচ্ছেদ অভিযান

নগাঁও জিলা প্ৰশাসনে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা দখলীকৃত মাটিত কাইলৈ উচ্ছেদ অভিযান আৰম্ভ কৰিব। কাইলৈ পুৱা ৭ বজাৰ পৰা বনাঞ্চলখনত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি জিলা প্ৰশাসনে সদৰি কৰিছে। ইতিমধ্যে উচ্ছেদ অভিযানৰ বাবে অস্থায়ী আৰক্ষী শিৱিৰ স্থাপন কৰা হৈছে । বন বিভাগৰ সূত্ৰই জনোৱা অনুযায়ী বনাঞ্চলখনৰ ৫ হাজাৰ ৯৬২ বিঘা মাটিত এহেজাৰ ৭০০টা পৰিয়ালে অবৈধভাৱে বাস কৰি আছে। অঞ্চলটোত উচ্ছেদৰ বাবে ইতিপূর্বে প্রশাসনে নির্দিষ্ট সময় বান্ধি দিছিল যদিও শস্য চপোৱাৰ বাবে অতি...