নাগালেণ্ডৰ স্বাস্থ্য সম্পর্কীয় ধ্বজাবাহী পদক্ষেপ মুখ্যমন্ত্রী স্বাস্থ্য বীমা আঁচনিক সার্বজনীন স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বাংগীন আৰু উদ্ভাৱনীমূলক পদ্ধতিৰ বাবে স্বাস্থ্য খণ্ডত চি আই পি এছ উদ্ভাৱন বঁটা ২০২৪ প্ৰদান কৰা হৈছে। চলিত মাহৰ ২২ তাৰিখে শ্ৰীনগৰত অনুষ্ঠিত এটা অনুষ্ঠানত জম্মু কাশ্মীৰৰ উপ- ৰাজ্যপাল মনোজ সিনহাই এই বঁটা প্ৰদান কৰে। নাগালেণ্ড হেল্থ প্রটেকচন চ’চাইটিৰ হৈ এই বঁটা গ্ৰহণ কৰে সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া ডা° লংকু মেৰ আৰু উপ মুখ্য কার্যবাহী বিষয়া ডা° ইংনেই কংগিয়াকে। সুলভ তথা ন্যায্য স্বাস্থসেৱা নিশ্চিত কৰিবলৈ চি এম আই এইছ এ ডিজিটেল নামভর্তি, নগদবিহীন আৰু জৰুৰীকালীন সেৱা প্ৰদান কৰে। এই আঁচনিখন সফল কৰি তোলাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো নাগৰিক আৰু অংশীদাৰ সকলক নাগালেণ্ড স্বাস্থ্য সুৰক্ষা সমাজে কৃতজ্ঞতা জ্ঞাপন কৰিছে।
00000
Assamese | August 26, 2025 1:07 PM | Nagaland:
নাগালেণ্ডৰ স্বাস্থ্য বীমা আঁচনিক চি আই পি এছ উদ্ভাৱন বঁটা ২০২৪ প্ৰদান