অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ প্ৰতিবাদত মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলনে আজি পুৱা ৫ বজাৰ পৰা আহ্বান দিয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধৰ মিশ্রিত প্রভাৱ জিলা দুখনত পৰিলক্ষিত হৈছে। আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জনোৱা মতে আজি পুৱা তিনিচুকীয়াৰ পথত বাহনৰ চলাচল কম হোৱা পৰিলক্ষিত হৈছে আৰু ঠায়ে ঠায়ে দোকান-বজাৰ বন্ধ হৈ থকা দেখা গৈছে। অৱশ্যে জৰুৰীকালীন সেৱাসমূহ স্বাভাৱিকভাৱে চলি আছে। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা প্ৰশাসনে এই বন্ধৰ পৰিপ্ৰেক্ষিতত জিলা দুখনত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত অকৰ্তৃত্বশীলভাৱে বন্ধৰ আহ্বান জনোৱা, পথ অৱৰোধ কৰাকে ধৰি নাগৰিকৰ দৈনন্দিন কামত বাধা আৰোপ কৰা আদি সম্পূৰ্ণ নিষিদ্ধ কৰিছে। তিনিচুকীয়া জিলাৰ বিভিন্ন থানা এলেকাত কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত আইন শৃংখলা বাহিনী নিয়োগ কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে।
Assamese | November 11, 2024 12:07 PM | Moran student union
মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলনে আজি আহ্বান দিয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধৰ মিশ্রিত প্রভাৱ