May 7, 2025 1:11 PM

views 79

সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সামৰণি

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত সোমবাৰৰ পৰা অনুষ্ঠিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কালি সামৰণি পৰে। কালিৰ অনুষ্ঠানত মৰাণসকলৰ অন্তিমগৰাকী ৰজা বডৌচাৰ স্মৃতি বিজড়িত বডৌচা সমন্বয় বঁটা শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক প্ৰদান কৰা হয়। এই বঁটা গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ বিভিন্ন জাতি-জনগোষ্ঠীৰ ঐতিহ্যময় কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্যৰে অসমীয়া জাতীয় জীৱনৰ নৈখন চিৰপ্ৰৱহমান হৈ থাকিব বুলি মন্তব্য কৰে। ৰাজ্য...

May 6, 2025 8:59 AM

views 75

সোমবাৰৰ পৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

—তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত কালিৰেপৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লৈছে। কেন্দ্ৰীয় প্রতিষ্ঠা দিৱসৰ পতাকা উত্তোলনেৰে কালি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। কালিৰ অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰাণ জনগোষ্ঠীৰ বীৰত্ব, একাগ্ৰতা, নিষ্ঠা, নিৰ্ভীকতা আৰু সাহসিকতা কেৱল অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষই অনুধাৱন কৰি আহিছে বুলি মন্তব্য কৰে। সদৌ মৰাণ ছাত্ৰ ...

May 5, 2025 8:08 PM

views 51

আজিৰে পৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত আজিৰে পৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লৈছে। আজি কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছত গ্ৰন্থমেলা মুকলি, অধ্যয়নচক্র, আলোচনা সত্ৰ, মৰাণ ছাত্ৰ সন্থাৰ মুখপত্ৰ গান্ধৈ উন্মোচন, মৰাণঘৰ উন্মোচন আৰু মুকলি সভা অনুষ্ঠিত হয়। হেজাৰ হেজাৰ বিহুৱা-নাচনীয়ে গছ তলৰ বিহু পৰিৱেশন কৰে। দিনৰ ভাগত এহেজাৰ আ...

November 11, 2024 12:07 PM

views 58

মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলনে আজি আহ্বান দিয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধৰ মিশ্রিত প্রভাৱ

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ প্ৰতিবাদত মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলনে আজি পুৱা ৫ বজাৰ পৰা আহ্বান দিয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধৰ মিশ্রিত প্রভাৱ জিলা দুখনত পৰিলক্ষিত হৈছে। আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জনোৱা মতে আজি পুৱা তিনিচুকীয়াৰ পথত বাহনৰ চলাচল কম হোৱা পৰিলক্ষিত হৈছে আৰু ঠায়ে ঠায়ে দোকান-বজাৰ বন্ধ হৈ থকা দেখা গৈছে। অৱশ্যে জৰুৰীকালীন সেৱাসমূহ স্বাভাৱিকভাৱে চলি আছে। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা প...