♦ চৰকাৰে একাংশ সংবাদ মাধ্যমযোগে ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে কৈছে যে, এই বাতৰিসমূহত ৫০০ বিধৰো অধিক ঔষধৰ ক্ষেত্ৰত মূল্য বৃদ্ধিৰ প্ৰভাৱ পৰিব বুলি দাবী কৰা হৈছে যদিও প্রকৃততে এই বাতৰিসমূহ ভূৱা-বিভ্ৰান্তিকৰ আৰু অসূয়াপূর্ণ। ভেষজ বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় ভেষজ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে প্ৰতি বছৰে পাইকাৰী মূল্য সূচ্যাংকৰ ভিত্তিত ঔষধৰ সৰ্বোচ্চ মূল্যৰ সাল-সলনি কৰে। মন্ত্ৰালয়ে কৈছে যে, ৭৮২ বিধ ঔষধৰ বৰ্তমানৰ সর্বোচ্চ মূল্যত কোনো ধৰণৰ সাল সলনি কৰা হোৱা নাই, মাত্র ৫৪ বিধ ঔষধৰ মূল্যহে এক পইচাকৈ বৃদ্ধি পাইছে।
Assamese | April 4, 2024 6:49 PM | Drugs | Essential Medicine | India | medicine
ঔষধৰ মূল্য ভালেখিনি বৃদ্ধি পোৱা বুলি প্ৰচাৰিত বাতৰি ভূৱা আৰু বিভ্ৰান্তিকৰঃ কেন্দ্ৰীয় চৰকাৰ