প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ’বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। অনুষ্ঠানটিৰ এই খণ্ডটিৰ বাবে ২৮ জুন পর্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ’ব। এয়া হ’ব অনুষ্ঠানটোৰ ১১১ সংখ্যক খণ্ড আৰু শ্ৰীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হবলগীয়া প্ৰথমটো খণ্ড । আকাশবাণী – দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণী, দূৰদৰ্শন নিউজৰ উপৰি প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য- সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। এই অনুষ্ঠানৰ পাছতে আকাশবাণীয়ে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।
Assamese | June 24, 2024 6:14 PM | Maan ki Baat
৩০ জুনত আকাশবাণীযোগে প্রধানমন্ত্ৰীৰ ১১১ সংখ্যক খণ্ড মন কী বাত