December 21, 2024 6:32 PM | Maan ki Baat

printer

অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্রধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ‘বলগীয়া মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ‘ব অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ ১৮০০ ১১ ৭৮০০ টোল ফ্ৰী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। নমো এপ নাইবা মাই গ’‘ভ মুকলি মঞ্চৰ জৰিয়তেও জনসাধাৰণে নিজৰ পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে । অহা ২৭ ডিচেম্বৰ পৰ্যন্ত মতামত আৰু পৰামৰ্শসমূহ প্ৰেৰণ কৰিব পাৰিব। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপত উপলব্ধ হ‘ব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউৱ চেনেল যোগে এই অনুষ্ঠানৰ লাইভ স্ট্রিমিং কৰা হ‘ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।