জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বিয়লি মহাৰাষ্ট্ৰৰ এক’লাত বিজেপিৰ প্ৰাৰ্থী অনুপ ধত্ৰেৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। শ্রী ধত্ৰে বৰ্তমানৰ সাংসদ সঞ্জয় ধত্ৰেৰ পুত্ৰ। ইফালে কংগ্ৰেছে ড০ অভয় পাটিলক এক’লাৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰোৱাৰ বিপৰীতে ‘বঞ্চিত বহুজন আঘোড়ী’ৰ নেতৃত্ব বহন কৰা প্ৰকাশ আম্বেদকাৰেও এই আসনখনৰ বাবে প্রার্থিত আগবঢ়াইছে। এক’লাৰ পৰা মুঠ ১৭ গৰাকী প্রার্থী নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। চলিত মাহৰ ২৬ তাৰিখে এই আসনখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ অমৰাৱতী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপিৰ প্ৰাৰ্থী নৱনীত ৰাণাৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব।
Assamese | April 23, 2024 12:58 PM | Lok Sabha Election | maharastra
মহাৰাষ্ট্ৰৰ এক’লাত বিজেপিৰ প্ৰাৰ্থী অনুপ ধত্ৰেৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ