ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৬ সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। ২০২২ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে।
এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়।
আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিয়লি ৩ বজাত আয়োজিত অনুষ্ঠানত এই বঁটাসমূহ প্রদান কৰা হ’ব।
ৰাজ্যৰ বিভিন্ন জিলাত আজি লোককল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত শ্রদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্রদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয়, যে বৰদলৈ নিষ্ঠা আৰু ৰাজ্যখনৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ বাবে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰা সম্ভৱ হৈ উঠিছিল। তেওঁৰ সাহস আৰু দেশপ্ৰেমক প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈৰ পুণ্য তিথি উপলক্ষে দিয়া বাৰ্তাত কয়, যে দেশৰ স্বাধীনতা আন্দোলন তথা অস্তিত্ব ৰক্ষাৰ সন্ধিক্ষণত এইগৰাকী মহান জননেতাৰ ভূমিকাক অসমবাসীয়ে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব।