August 5, 2026 11:43 AM

views 39

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৬সংখ্যক পুণ্যতিথি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন

ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৬ সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। ২০২২ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প...