June 14, 2024 12:20 PM | LS Speaker Election

printer

২৪ জুনত অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন আৰু ২৬ জুনত লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন ২৪ জুনত আৰম্ভ হ’ব আৰু লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন ২৬ জুনত অনুষ্ঠিত হ’ব। প্ৰথম অধিবেশনৰ সময়ছোৱাত নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হ’ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব আৰু এই অধিবেশনৰ সময়ছোৱাতে ৰাষ্ট্ৰপতিৰ অভিভাষণক লৈ আলোচনাও অনুষ্ঠিত হ’ব। ৰাজ্যসভাৰ অধিবেশন ২৭ জুনত আৰম্ভ হ’ব। সংসদৰ অধিবেশন ৩ জুলাইত সামৰণি পৰিব।