June 26, 2024 10:02 AM

views 56

অষ্টাদশ লোকসভাৰ আজি অধ্যক্ষ পদৰ নিৰ্বাচন

অষ্টাদশ লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন আজি অনুষ্ঠিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা যোৱাবাৰৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলা এইবাৰো এন ডি এ মিত্ৰজোঁটৰ এই পদৰ প্ৰাৰ্থী হ'ব। আনহাতে, বিৰোধী আই এন ডি আই মিত্রজোঁটে কংগ্ৰেছ দলৰ কে সুৰেশক অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। দুয়োগৰাকী প্ৰাৰ্থীয়ে কালি মনোনয়ন পত্র দাখিল কৰে। ব্যস্ততাপূর্ণ আলোচনা সত্ত্বেও চৰকাৰ আৰু বিৰোধী পক্ষ অধ্যক্ষ পদৰ প্ৰাৰ্থীক লৈ সহমতত উপনীত হোৱাত ব্যর্থ হয়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে লোকসভাৰ অধ্যক্ষ সৰ্বসন্মতভাৱে আৰু বিনা ...

June 14, 2024 12:20 PM

views 53

২৪ জুনত অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন আৰু ২৬ জুনত লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন ২৪ জুনত আৰম্ভ হ'ব আৰু লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন ২৬ জুনত অনুষ্ঠিত হ'ব। প্ৰথম অধিবেশনৰ সময়ছোৱাত নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব আৰু এই অধিবেশনৰ সময়ছোৱাতে ৰাষ্ট্ৰপতিৰ অভিভাষণক লৈ আলোচনাও অনুষ্ঠিত হ'ব। ৰাজ্যসভাৰ অধিবেশন ২৭ জুনত আৰম্ভ হ'ব। সংসদৰ অধিবেশন ৩ জুলাইত সামৰণি পৰিব।