গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বান পৰিস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ৰ উচ্চ পৰ্যায়ৰ বৈঠক

ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বান পৰিস্থিতি সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।

বৈঠকত বিভাগৰ আয়ুক্ত সচিব, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, লোকনির্মাণ পথ বিভাগৰ আয়ুক্ত আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকত মন্ত্ৰীগৰাকীয়ে পূৰ্বৰ পৰ্যালোচনা বৈঠকত গ্রহণ কৰা সিদ্ধান্তৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বান প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ মূল্যায়ন কৰে।

গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা ছুপাৰ ছাকাৰ যন্ত্ৰৰ ফলপ্ৰসু ব্যৱহাৰ, ৰাষ্ট্ৰীয় ঘাইপথৰ কালভার্টসমূহৰ পুনৰ নিৰ্মাণ, নলা-নৰ্দমা পৰিষ্কাৰকৰণ আৰু বৰষুণৰ পানী নিষ্কাশন ব্যৱস্থা অধিক কার্যক্ষম কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

 মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক প্ৰতি বছৰে বাৰিষাৰ আগতেই মহানগৰীখনৰ নলা-নৰ্দমা বিজ্ঞানসন্মতভাৱে পৰিষ্কাৰ আৰু ৰক্ষণা-বেক্ষণ কৰিবলৈ নিশ্চিত পৰিকল্পনা যুগুত কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ সংশ্লিষ্ট সকলো বিভাগ আৰু সংস্থাক সমন্বয় ৰক্ষা কৰি কাম কৰি যাবলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।