August 5, 2026 12:09 PM
8
গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বান পৰিস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ৰ উচ্চ পৰ্যায়ৰ বৈঠক
ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বান পৰিস্থিতি সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত বিভাগৰ আয়ুক্ত সচিব, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, লোকনির্মাণ পথ বিভাগৰ আয়ুক্ত আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকত মন্ত্ৰীগৰাকীয়ে পূৰ্বৰ পৰ্যালোচনা বৈঠকত গ্রহণ কৰা সিদ্ধান্তৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বান প্ৰতিৰোধৰ বাব...