ভাৰতৰ ট্ৰেক এথলিট কিৰণ পাহালে অহা মাহত হ’বলগীয়া পেৰিছ অলিম্পিকৰ মহিলাৰ ৪০০ মিটাৰ দৌৰলৈ যোগ্যতা অৰ্জন কৰিছে। হাৰিয়ানাৰ ২৪ বছৰীয়া খেলুৱৈগৰাকীয়ে পঞ্চকুলাত চলি থকা ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত ৫০.৯২ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি এই যোগ্যতা অর্জন কৰে। অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে নিৰ্ধাৰিত সময় আছিল ৫০.৯৫ ছেকেণ্ড। খেলুৱৈগৰাকী লগতে ২০১৮ চনত জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত ৫০.৭৯ ছেকেণ্ডেৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়া হিমা দাসৰ পাছতে মহিলাৰ ৪০০ মিটাৰ দৌৰত দেশৰ দ্বিতীয় দ্ৰুততম দৌৰবিদ হিচাপে পৰিগণিত হয়। ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ চূড়ান্ত পৰ্যায়ৰ খেল আজি অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাখন হ’ল ভাৰতীয় খেলুৱৈসকলৰ বাবে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ বাবে অন্তিম সুযোগ।
Assamese | June 28, 2024 1:21 PM | Kiran Pahal | Olympic | SPORTS
ভাৰতৰ ট্ৰেক এথলিট কিৰণ পাহালৰ পেৰিছ অলিম্পিকৰ মহিলাৰ ৪০০ মিটাৰ দৌৰলৈ যোগ্যতা অৰ্জন