কেৰালাৰ ৩ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। চি পি আই নেতা বিনয় বিশ্বম, চি পি আই এম নেতা এলামৰাম কৰিম আৰু কে চি এম নেতা জোছ কে মণীৰ কাৰ্য্যকাল পহিলা জুলাইত সমাপ্ত হ’ব। মহাৰাষ্ট্ৰৰ এখন ৰাজ্যসভা আসনৰ উপ-নির্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হৈছে। এন চি পি নেতা প্রফুল পেটেলে পদত্যাগ কৰাৰ বাবে এই আসনখন খালী হৈছে। কেৰালা আৰু মহাৰাষ্ট্ৰৰ আসন কেইখনৰ বাবে ১৩ জুন মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ২৫ জুনত আসন কেইখনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। ইপিনে, ৰাজ্যসভাৰ ৯ গৰাকী সদস্য সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত জয়ী হৈছে। তেওঁলোকৰ ভিতৰত সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা অসমৰ পৰা, বিবেক ঠাকুৰ আৰু মিছা ভাৰতী বিহাৰৰ পৰা, দীপেন্দ্ৰৰ সিং হুদা হাৰিয়াণাৰ পৰা, জ্যোতিৰাদিত্য সিন্ধিয়া মধ্য প্ৰদেশৰ, পীয়ুষ গোৱেল মহাৰাষ্ট্ৰৰ পৰা, কে চি বেণুগোপাল ৰাজস্থানৰ পৰা আৰু বিপ্লৱ কুমাৰ দেব ত্ৰিপুৰাৰ পৰা জয়ী হৈছে।
Assamese | June 6, 2024 8:48 PM | Kerela election
কেৰালাৰ ৩ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি