কেন্দ্রীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ ইয়াৰ কাষৰীয়া হাতীখুলি চাহবাগিচা পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাগিচাখনৰ শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সা-সুবিধাৰ বুজ লয়। তেওঁ চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰা শ্ৰমিকসকলক সংশ্লিষ্ট পক্ষক এই বিষয়ে অৱগত কৰিবলৈ আহ্বান জনায়। ইয়াৰ পাছত শ্ৰী চৌহানে কাজিৰঙাৰ কঁহৰাস্থিত বন বিভাগৰ প্ৰেক্ষাগৃহত বোকাখাত অঞ্চলৰ কিছুসংখ্যক কৃষকৰ সৈতে মত বিনিময় কৰে। কৃষকসকলে নিজৰ খেতি-পথাৰত উৎপাদিত বিভিন্ন পাচলি মন্ত্ৰীগৰাকীক উপহাৰ হিচাপে আগবঢ়ায়। বোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা আৰু বোকাখাত সম-জিলাৰ উপায়ুক্তই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে মিজোৰামৰ উদ্যান শস্য মহাবিদ্যালয়ৰ বিদ্যায়তনিক চৌহদ ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে। কাইলৈ তেওঁ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত অংশ ল’ব। এই ভ্ৰমণকালত তেওঁ কামাখ্যা মন্দিৰো দৰ্শন কৰিব।
Assamese | May 16, 2025 11:33 AM | kaziranga shivraj sing chouhan assam
কেন্দ্রীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া হাতীখুলি চাহ বাগিচা পৰিদৰ্শন