বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত পৰাত বন্য প্রাণীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। উদ্যানখনৰ ২৩৩ টা বন শিবিৰৰ ৫৩ টা বন শিবিৰ ইতিমধ্যে জলমগ্ন হৈ পৰিছে। বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চলৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। হালধীবাৰী মালানি অঞ্চলত থকা পহুৰ জাকে উচ্চ স্থান বিচাৰি কাৰ্বি পাহাৰলৈ গতি কৰিছে। বিশ্বনাথ বনাঞ্চলত কালি বনৰক্ষীয়ে তিনিটা পহু উদ্ধাৰ কৰিছে। পানীত সাঁতুৰি অহা দুটা পহুৰ ইতিমধ্যে মৃত্যু হোৱা বুলি উদ্যানখনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। বনৰক্ষীসকলৰ সুবিধা হোৱাকৈ প্ৰতিটো বন শিবিৰতে হাত নাৱৰ ব্যৱস্থা কৰা হৈছে। বানৰ সময়ত কাজিৰঙাৰ জীৱকুল চোৰাং চিকাৰীৰ লক্ষ্য হৈ পৰাৰ বাবে উদ্যান কর্তৃপক্ষই দিনে নিশাই নিৰীক্ষণ কৰিব পৰাকৈ থামেল কেমেৰাযুক্ত ড্রোন ব্যৱহাৰ কৰিছে। বন্য প্রাণীৰ সুৰক্ষাৰ বাবে কাজিৰঙাত এইবাৰ অতিৰিক্ত হাইলেণ্ডৰ ব্যৱস্থা কৰা হৈছে।
Assamese | June 3, 2025 1:07 PM | flood kaziranga
বানৰ কবলত পৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্য প্রাণীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি