June 3, 2025 1:07 PM

views 59

বানৰ কবলত পৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্য প্রাণীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত পৰাত বন্য প্রাণীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। উদ্যানখনৰ ২৩৩ টা বন শিবিৰৰ ৫৩ টা বন শিবিৰ ইতিমধ্যে জলমগ্ন হৈ পৰিছে। বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চলৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। হালধীবাৰী মালানি অঞ্চলত থকা পহুৰ জাকে উচ্চ স্থান বিচাৰি কাৰ্বি পাহাৰলৈ গতি কৰিছে। বিশ্বনাথ বনাঞ্চলত কালি বনৰক্ষীয়ে তিনিটা পহু উদ্ধাৰ কৰিছে। পানীত সাঁতুৰি অহা দুটা পহুৰ ইতিমধ্যে মৃত্যু হোৱা বুলি উদ্যানখনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। বনৰক্ষীসকলৰ সুবিধা হোৱাকৈ প্ৰতিট...