পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম বন বিভাগৰ পৰিদৰ্শন ভৱনত আজি জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত বান সংক্রান্তীয় এখন প্রস্তুতিমূলক সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত সাৰংগপানী শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাখনত খণ্ড উন্নয়ন বিষয়া, বনাঞ্চলিক বিষয়া, সহকাৰী ৰাজহ বিষয়া, শিশু কল্যাণ প্রকল্প বিষয়া, জিলা কৃষি বিষয়া, লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, জিলা পশু চিকিৎসা বিষয়া, মহকুমা স্বাস্থ্য বিষয়াৰ লগতে ঋষভ বেচৰকাৰী সন্থা আৰু চত্ৰ বেচৰকাৰী সন্থাৰ প্ৰতিনিধি উপস্থিত থাকে। সভাখনত বানাক্ৰান্ত অঞ্চলসমূহৰ বান পীড়িত জনসাধাৰণক তাৎক্ষণিকভাৱে সেৱা আগবঢ়োৱা সন্দৰ্ভত গুৰুত্ব সহকাৰে পৰ্যালোচনা কৰা হয়।
Assamese | May 23, 2025 6:45 PM | Karbi Anglong
পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম বান সংক্রান্তীয় প্রস্তুতিমূলক সভা অনুষ্ঠিত