কামৰূপ জিলাৰ ছয়গাঁৱত আজি জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই কলহী নৈৰ খহনীয়া পৰিদৰ্শন কৰে। সম্প্ৰতি খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰা অঞ্চলটোৰ পটুৰিখাট, কটহী আৰু মাকেলি গাঁও পৰিদৰ্শন কৰি খহনীয়া সমস্যা সমাধানৰ বাবে স্থায়ী পদক্ষেপ গ্রহণ কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে বিভাগীয় শীর্ষ বিষয়াসকল উপস্থিত থাকে।
Assamese | August 5, 2025 8:05 PM | Kamrup
ছয়গাঁৱত আজি পীযুষ হাজৰিকাৰ কলহী নৈৰ খহনীয়া পৰিদৰ্শন