কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত ছেছন ন্যায়াধীশ এছ কে কাৱাৰ আদালতে আজি পত্নী হত্যাৰ গোচৰত সেনাবাহিনীৰ মেজৰ গৌৰৱ কুমাৰ সিঙক যাৱজীৱন কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা বিহে। ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত দোষী সাব্যস্ত কৰি মেজৰ সিঙক শাস্তি প্ৰদান কৰে। ২০১৩ চনৰ মে মাহত মেজৰ সিঙে পত্নী প্রিয়া সিঙক হত্যা কৰি মৃতদেহটো যোৰাবাটৰ ওচৰৰ খাৱৈত পেলাই দিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰত দীর্ঘদিনীয়া শুনানি গ্ৰহণ কৰি আজি আদালতে তেওঁক যাৱজীৱন কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰে।
Assamese | July 31, 2025 8:26 PM | Kamrup
পত্নী হত্যাৰ গোচৰত গৌৰৱ কুমাৰ সিঙক যাৱজীৱন কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা