হাৰিয়ানাত অহা মাহত প্ৰথম গোলকীয় মহিলাৰ কাবাডী লীগ অনুষ্ঠিত হ‘ব। গোলকীয় প্রবাসী মহিলাৰ কাবাডী লীগ হিচাপে পৰিচিত এই খেলত এইবাৰ ১৫ খন দেশৰ মহিলা এথলিটসকলে অংশগ্রহণ কৰিব। কাবাডী খেলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ কৰা, এই খেলবিধক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টাক সমৰ্থন কৰা তথা ২০৩৬ৰ অলিম্পিক আয়োজনৰ ক্ষেত্ৰত ভাৰতৰ দাবীক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই প্ৰতিযোগিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিশ্ব কাবাডীৰ সহযোগত হলিষ্টিক আন্তঃৰাষ্ট্ৰীয় প্রবাসী ক্রীড়া সন্থা, HIPSAই আয়োজন কৰা এই লীগৰ উদ্বোধনী খেল হাৰিয়ানাত অনুষ্ঠিত হ‘ব। শেহতীয়াকৈ হাৰিয়ানা চৰকাৰ আৰু HIPSAৰ মাজত এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই প্রতিযোগিতাত ইংলেণ্ড, পোলেও, আৰ্জেণ্টিনা আৰু ইটালীকে ধৰি বিভিন্ন দেশে অংশগ্রহণ কৰিব। দেশৰ পূৰ্বৰ ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে অলিম্পিকত কাবাডীৰ অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াইছে। ভাৰতে ২০৩৬ৰ অলিম্পিক খেল অনুষ্ঠিত কৰাৰ লক্ষ্য পূৰ হ‘লে অলিম্পিকত কাবাডী খেলৰ অন্তৰ্ভুক্তি এটা উল্লেখনীয় সাফল্যত পৰিণত হ‘ব।
Assamese | August 12, 2024 6:12 PM | Kabadi legue
হাৰিয়ানাত প্ৰথম গোলকীয় মহিলাৰ কাবাডী লীগ